THE SCHOOL
School Song
স্কুল গীত
অসম অসম অ' আই অসম
মাতৃ মোৰ চেনেহী দেশ
সেউজী ধৰণী ৰূপেৰে শুৱনি
শস্য-শ্যামলা অসমীৰ বেশ।
বিজয়ৰ ধ্বজা আকাশত উৰাই
উদয়গিৰিয়ে পোহৰ বিলাব
লাচিত চিলাৰায় বীৰ ডেকা দলে
হেংদাং তুলি ৰণ জিকিব।
প্ৰাগজ্যোতিষৰ লুইতৰ পানীয়ে
নীলাচল দেৱীৰ পখালে চৰণ
মাতৃৰ পূত পদ-জল ঢালি
গ্লানি-পাপ কৰিলে মোচন।
এনেলো শুৱলা অসমীৰ ভাষা
শুনিলে পলোৱা পৰাণ-শাঁত
জীৱনে মৰণে তযু চৰণত
নিজৰাও অসমীৰ সুৱদী মাত।
